Type Here to Get Search Results !

Class 9-General Science/Chapter 14 | Natural Resources - প্ৰাকৃতিক সম্পদ - Solution in Assamese Medium - NCERT Solution

 


অধ্যায় 14 - প্ৰাকৃতিক সম্পদ


প্ৰশ্নাৱলী (Page-193)
1.
আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?
উত্তৰঃ আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ তুলনাত শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান বেছি। এই দুটা গ্ৰহত কাৰ্বন-ডাই-অক্সাইডৰ শতকৰা পৰিমাণ  95% - 97% আনহাতে পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সঅডৰ পৰিমাণ 0.03%

 

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে ?

উত্তৰঃ দিনৰ ভাগত বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা হঠাৎ বহুত বাঢ়ি যোৱাত বাধা প্ৰদান কৰে আৰু ৰাতিৰ ভাগত পৃথিৱীৰ উষ্ণতা কমিযোৱাত বাধা প্ৰদান কৰে। বায়ু তাপৰ কু-পৰিবাহী হোৱাৰ বাবেই ইয়াৰ মাজেৰে তাপ শোষণ আৰু বিকিৰণ কৰাটো পৃথিৱীৰ বাবে সম্ভৱ নহয়। সেয়ে আমি কব পাৰো যে  বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আগুৰি আছে।

 

3. বতাহে কি সৃষ্টি কৰে?

উত্তৰঃ কোনো অঞ্চলত উষ্ণতা বৃদ্ধিৰ লগে লগে সেই অঞ্চলৰ বায়ু গৰম হৈ ঊৰ্দ্ধগামী হয় আৰু নিম্ন চাপৰ সৃষ্টি কৰে। সেই অঞ্চলটোৰ তুলনাত কাষৰীয়া অঞ্চলৰ বায়ু শীতল আৰু গধুৰ অৰ্থাৎ কাষৰীয়া অঞ্চল সমূহত উচ্চ চাপ হৈ থাকে। ফলত বায়ু সেই উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে।

 

4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ দিনৰভাগত সূৰ্যৰ তাপত জলমণ্ডলৰ পানী গৰম হৈ বাষ্প আকাৰ লাভ কৰে। এই বাষ্প গৰম বায়ুৰ সৈতে ওপৰলৈ যায়। এক নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হোৱাৰ লগে লগে বাষ্পবোৰে বায়ুত থকা ধূলিকণাক কেন্দ্ৰ কৰি ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰি ডাৱৰৰ সৃষ্টি হয়

 

5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা

উত্তৰঃ বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপ -

(i) ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লাৰ দহন।

(ii) নিৰ্বনানীকৰণ, যিয়ে বায়ুৰ অক্সিজেনৰ শোষণ হ্ৰাস কৰে।

(iii) যান-বাহনৰ পৰা কাৰ্বন মনক্সাইডৰ নিৰ্গমণ।



প্ৰশ্নাৱলীঃ (Page-194)

1. জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয়?

উত্তৰঃ জীৱৰ দেহৰ ভিতৰত সংঘটিত সকলো বিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰাৱীভূত হৈ থাকে। আনহাতে দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়। সেইকাৰণে জীৱসমূহক পানীৰ প্ৰয়োজন হয়। 

 

2. নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি বাস কৰা ?

উত্তৰঃ নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস সাগৰ, মহানগৰ, নদী আদি। মই গাওঁ অঞ্চলত বাস কৰো।

 

3. কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ পাৰে?

উত্তৰঃ পানী প্ৰদূষণ পৰা কাৰ্যবোৰ -

a.     উদ্যোগ, কাৰখাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ, কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰিব পাৰে।

b.     শস্যপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক আদি বৰষুণৰ পানীৰ লগত মিহলি হৈ নদী বা জলাশয়ত পৰে ফলত এইবোৰে নদী বা জলাশষৰ পানী দূষিত কৰে।

c.      মানুহৰ ঘৰত দৈনন্দিন জীৱনত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনাবোৰ নদী বা হৃদৰ পানীত নিক্ষেপ কৰা হয় ফলত পানী প্ৰদূষিত হয়।

d.     কিছুমান উদ্যোগত যন্দ্ৰপাতি শীতল কৰিবলৈ ব্যৱহাৰ কৰা পানী আৰু জলবিদ্যুত প্ৰকল্প সমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰা হয়। ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি হয়।



প্ৰশ্নাৱলী (Page-196)

1. মাটি কেনেকৈ গঠন হয়?

উত্তৰঃ অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাগি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হৈ মাটিৰ গঠন হয়। শিলাস্তৰৰ পৰা মাটি গঠন কৰা কাৰক কেইটা - সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ।

 

2. মাটি ক্ষয়ীভৱন (soil erosion) কি?

উত্তৰঃ পানী বা বতাহৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰ এঠাইৰ পৰা আন এঠাইলৈ  লৈ যোৱাৰ ফলত মাটি ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলা হয়।

 

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত বা?

উত্তৰঃ মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পৰা ব্যৱস্থাবোৰ -

১। বৃক্ষৰোপনৰ জৰিয়তে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰি। 

২। মাটি সমূহ ঢাকি ৰখা শস্য কৰি ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।



প্ৰশ্নাৱলী (Page-201)

1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়?

উত্তৰঃ জলচক্ৰত পানী গোটাজুলীয়া আৰু গেছীয় এই তিনিটা ৰূপত পোৱা যায়। 

 

2. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা।

উত্তৰঃ প্ৰয়োজনীয় যৌগ -  

১। নিউক্লিক এছিড, ২। প্ৰটিন বা এমিনএছিড।

 

3. বায়ুত CO2 পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত 3 টা কাৰ্যকলাপ উল্লেখ কৰা। 

উত্তৰঃ

i) কাঠ বা কয়লাৰ দহন

ii) যান বাহনৰ ব্যৱহাৰৰ ফলত CO পৰিমাণ বৃদ্ধি। 

iii) গছ গছনিৰ ধ্বংস। 

 

4. সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰঃ কাৰ্বন ডাই অক্সাইডমিথেন, নাইট্ৰাছ অক্সাইডকাৰ্বন মনক্সাইড আদি গেছবোৰৰ পৰিমাণ বৃদ্ধি পালে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা বাঢ়ে ফলত গোলকীয় উত্তাপ বৃদ্ধি পায় আৰু জলবায়ু নষ্ট হয়। ইয়াকে সেউজ গৃহ প্ৰভাৱ বোলে।

 

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?

উত্তৰঃ অক্সিজেন (O2) আৰু অজন (O3)



অনুশীলনী (Page-201)

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি ?

উত্তৰঃ জীৱৰ জীৱন ধাৰণৰ বাবে আবশ্যকীয় বিভিন্ন প্ৰকাৰৰ গেছ যেনে- নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্প বায়ুমণ্ডলত মিহলি হৈ থাকে। ইয়াত থকা প্ৰতিটো উপাদানয়েই জীৱজগতৰ বাবে উপযোগী। সেইবাবে জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন। 

 

2. পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয় ?

উত্তৰঃ পানী জীৱৰ কাৰণে প্ৰয়োজনীয়, কাৰণ

১। আমাৰ দেহৰ জৈৱ-ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত।

২। দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়।

 

3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীলনে?

উত্তৰঃ সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কাৰণ মাটিতেই উদ্ভিদ সমূহ গজে। তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি মূল আবাস। আকৌ সকলো প্ৰণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণী সমূহক খাদ্যৰ যোগান ধৰে।

    পানীত থকা জীৱ সমূহৰ মাটিৰ ওপৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয়। কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱন সাগৰীয় জীৱ সমূহে ব্যৱহাৰ কৰে।

 

6.বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্রভাৱ পেলায় এটা টোকা লিখা

উত্তৰঃ বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত বনাঞ্চলত বহুমুখী প্ৰভাৱ আছে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা -

(a) বায়ুৰ মানদণ্ড নিয়্ন্ত্ৰণ:- বনাঞ্চলে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড আৰু অক্সিজেনৰ অনুপাত নিয়ন্তুণ কৰে। সকলোবোৰ জীৱই শ্বসন কাৰ্যত অক্সিজেন ব্যৱহাৰ কৰে। বনাঞ্চলৰ সেউজীয়া উদ্ভিদসমূহে সালোক সংশ্লেষণৰ সময়ছোৱাত অক্সিজেন নিৰ্গত কৰি আৰু CO ব্যৱহাৰ কৰি অক্সিজেনৰ ঘাটি পূৰণ কৰে।

(b) ভূমিক্ষয় প্ৰতিৰোধ :- বানপানী আৰু প্রবল বতাহৰ সময়ছোৱাত বনাঞ্চলৰ গছ-গছনিবিলাকে বোৱতী পানীৰ শক্তি প্ৰতিৰোধ কৰে আৰু এনেদৰে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰে। তদুপৰি গছ-গছনিৰ শিপাই মাটিৰ বহিঃস্তৰক খামুচি ধৰি থাকে আৰু সৰা পাতবিলাকে শীৰ্ষসতৰীয় মাটিৰ বাবে হিউমাচ গঠন কৰে যিয়ে ভূমিক্ষয় প্রতিৰোধত

বৰঙণি যোগায়।

(c) বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়্ন্ত্ৰণ:- প্ৰস্বেদনৰ সময়ছোৱাত বায়ুমণ্ডললৈ পৰ্যাপ্ত পৰিমাণৰ পানী নিৰ্গত হয়, কিন্তু জলীয় বাষ্পৰ পৰা ডাৱৰৰ সৃষ্টি হৈ বৰষুণ হয় যিয়ে বায়ুমণ্ডল তথা মাটিভাগত পানীৰ প্রয়োজন নিয়ন্তণ কৰে।

(d) প্ৰদূষণৰ হ্ৰাস:- বনাঞ্চলৰ বহুতো উদ্ভিদে গধুৰ ধাতু শোষণ কৰিব পাৰে। এই গধুৰ ধাতুবোৰে মাটি আৰু পানীত প্ৰদূষণৰ সৃষ্টি কৰে এনেদৰে গছ-গছনিয়ে গধুৰ ধাতু শোষণৰ দ্বাৰা মাটি আৰু পানী প্ৰদূষণৰ মাত্ৰা হাস কৰিব পাৰে

 

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad