Type Here to Get Search Results !

Class 9-General Science/Chapter13 | Tissue-আমি অসুস্থ হওঁ কিয়?-Solution in Assamese Medium - NCERT Solution




  অধ্যায় - 13 / আমি  অসুস্থ হওঁ কিয় ? 

 প্ৰশ্নাৱলীঃ  (Page-178) 
1. সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’ল -
  1. ৰাজহুৱা পৰিস্কাৰ -পৰিচ্ছন্নতা বজাই ৰখা আৰু
  2. টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু কৰ্ম-সংস্থান।

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’ল-
  1. ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা
  2. সুষম আহাৰ গ্ৰহণ।

3. ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? কিয় ?
উত্তৰঃ ওপৰৰ প্ৰশ্নবোৰৰ উত্তৰ বেলেগ বেলেগ, কাৰণ এজন ব্যক্তি ৰোগমুক্ত হ’ব পাৰে কিন্তু মানসিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে ভাল নহ’বও পাৰে।

 প্ৰশ্নাৱলীঃ  (Page-180) 
1. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিঠা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা ?
উত্তৰঃ যদি আমাৰ মুুুৰৰ বিষ, কাহ, জ্বৰ, পায়খানা আদি লক্ষণ বোৰে দেখা দিয়ে তেতিয়া আমি অসুস্থ অনুভৱ কৰো আৰু ডাক্তৰৰ ওচৰত যাব লাগে বুলি ভাবো।
        যদি মাত্ৰ এটা লক্ষণে দেখা দিয়ে সাধাৰণতে আমি ডাক্তৰৰ ওচৰত নাযাও কাৰণ ই আমাৰ শৰীৰত বেছি প্ৰভাৱ নেপেলায়। কিন্তু এনে লক্ষণ যদি দীৰ্ঘদিন ধৰি দেখা দিয়ে তেতিয়া আমি ডাক্তৰৰ ওচৰত যাব লাগে আৰু উপযুক্ত চিকিৎসা কৰাব লাগে।

2. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে ? যদি পাৰে কিয় ?
  • যদি তুমি জন্দিচত ভোগা,
  • যদি তোমাৰ ওকনি হয়,
  • যদি তোমাৰ শালমইনা হয়।
উত্তৰঃ জন্দিচ ৰোগৰ  কাৰণে আমাৰ শৰিৰত প্ৰভাৱ পৰিব পাৰে। কাৰণ, ই এক প্ৰকাৰৰ ক্ৰনিক ৰোগ। জন্দিচত মানুহৰ যকৃৎত বহুত প্ৰভাৱ পৰে আৰু মানুহৰ খাদ্য হজম হোৱাত অসুবিধা হয়।
       আনহাতে, ওকনি আৰু শালমইনা আমি চাফ চিকুন হৈ থাকি নাশ কৰিব পাৰো।


  প্ৰশ্নাৱলীঃ  (Page-187) 
1. আমি অসুস্থ হ'লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কৰণে পৰামৰ্শ দিয়া হয়?
উত্তৰঃ আমি 
অসুস্থ হলে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে, আৰু পাচনতন্ত্ৰই সঠিকভাৱে কাম নকৰে। গতিকে এই সময়ছোৱাত সহজে হজম হোৱা খাদ্যবস্তু গ্ৰহণ কৰিব লাগে আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। 
        ৰোগ বা সংক্ৰমণৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সেইবাবে সোনকালে সুস্থ হবলৈ আমাক স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কৰণে পৰামৰ্শ দিয়া হয়।

2. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়?
উত্তৰঃ বিভন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা ৰোগ সমূহ সঞ্চাৰিত হয়। ইয়াৰে কিছুমান কাৰণ তলত উল্লেখ কৰা হল-
  1. বায়ুৰ দ্বাৰা।
  2. দূষিত পানী আৰু দূষিত খাদ্যৰ বস্তুৰ দ্বাৰা।
  3. আক্ৰন্ত ব্যক্তিৰ পৰা প্ৰত্যক্ষ ভাৱে। 
  4. অসুৰক্ষিত যৌন সম্পৰ্ক, ৰক্তদান আদিৰ দ্বাৰা। 
  5. সংক্ৰমিত মাতৃৰ পৰা দুগ্ধপানৰ জৰিয়তে ।
  6. মহ বা অন্য কিছুমান জীৱৰ দ্বাৰা আদি। 

3. তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহব’ৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা ?
উত্তৰঃ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহব’ৰ বাবে আমি বহুতো প্ৰদক্ষেপ হাতত লব পাৰো যেনে-

  1. সুষম খাদ্য গ্ৰহণ কৰা।
  2. পৰিষ্কাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে পানী খোৱা।
  3. দৈনিক গা ধোৱা।
  4. চৌপাশত পানী জমা হোৱা ৰোধ কৰা।
  5. শৌচাগাৰ পৰিষ্কাৰ কৰি ৰখা।
  6. ঢাকি নোপোৱা খাদ্য আৰু অন্যান্য খাব পৰা বস্তু সেৱনৰ পৰা বিৰত থকা।
  7. এটা পৰিষ্কাৰ পৰিবেশৰ ব্যৱস্থা কৰা যাতে মহৰ প্ৰজনন ৰোধ হয়।  


4. অসংক্ৰাম্যকৰণ কি?
উত্তৰঃ আমাৰ শৰীৰত কোনো অনুজীৱ নাইবা ছিটাৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা 
পদ্ধতিক  অসংক্ৰাম্যকৰণ বোলে। 

5. তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে?তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি?
উত্তৰঃ 
আমাৰ স্থানীয় অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত তলত দিয়া প্ৰতিষেধক সমূহ উপলব্ধ - 
  1. কেঁচুৱাৰ বাবে - DPT, BCG, পলিঅ’, MMR আদি।
  2. শিশুৰ বাবে - টাইফয়েড, TT, DT আদি।
  3. গৰ্ভৱতী মহিলাৰ বাবে - TT আৰু হেপাটাইটিছ-B।
টাইফয়েড, পানী লগা আদি ৰোগবোৰেই আমাৰ স্থানীয় অঞ্চলৰ প্ৰধান স্বাস্থ্যজনিত সমস্যা।


 অনুশীলনী (Page-188) 
1. যোৱা এবছৰ ধৰি তুমি কিমানবাৰ অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?
a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?
b) বেমাৰৰ পৰিহাৰৰ কৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাতো বিচাৰা?
উত্তৰঃ ওপৰৰ প্ৰশ্নটোৰ উত্তৰ সকলোৰে বাবে বেলেগ বেলেগ হৱ। সাধাৰণতে হোৱা বেমাৰবোৰ পানীলগা, জ্বৰ, কাহ, পেটবিষা হোৱা ইত্যাদি।

a)সদায় বিশুদ্ধ পানি খোৱা, যিকোনো আহাৰ গ্ৰহণ কৰাৰ আগত আৰু পিছত ভালকৈ ধোৱা। চৌপাশৰ পৰিবেশ সদায় পৰিস্কাৰ কৰি ৰাখা, পুষ্টিকৰ খাদ্য খোৱা।

b)সদায় পৰিবেশ পৰিষ্কাৰ পৰিচন্ন হৈ থকাটো বিচাৰো। লগতে সমাজৰ মানুহে যাতে বিশুদ্ধ পানী আৰু খাদ্য খাব পাৰে তাৰ সু-ব্যৱস্থা হোৱাটো বিচাৰো।

2. এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহৰ পাইছে?
উত্তৰঃ এজন চিকিৎসক /নাৰ্চ /স্বাস্থ্যকৰ্মীয়ে স্বাস্থ্য সম্পৰ্কীয় যিখিনি সাৱধানতা আছে সেইখিনি অৱলম্বন কৰে। যেনেে- নিদিষ্ট পোছাক, হাত মোজা, মুখা আদি পৰিধান কৰা, চাবোনেৰ হাত ধোৱা। সেইবাবে অসুস্থ ব্যক্তিৰ লগত মিলামিছা কৰিলেও 
চিকিৎসক /নাৰ্চ /স্বাস্থ্যকৰ্মীয়ে ৰোগৰ পৰা পৰিহৰ পাইছে।
 
3. তোমাৰ অঞ্চলত সঘনাই ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ৰোগসমূহ নিবাৰণৰ কৰণে কৃৰ্তপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ সাধাৰণতে সঘনাই হোৱা ৰোগ
সমূহ হ’ল ডায়োৰিয়া, মেলেৰিয়া, জণ্ডিছ, ভাইৰেল-জ্বৰ আদি। 
নিবাৰণ ব্যৱস্থাঃ
  1. চৌপাশৰ পৰিবেশ চাফ চিকুন কৰি ৰখা।
  2. বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰা।
  3. অঞ্চলৰ নলা-নৰ্দমাবোৰ বা পানীজমা হোৱা ঠাই বোৰ পৰিষ্কাৰ কৰি ৰখা যাতে মহ বৃদ্ধি হব নোৱাৰে।
4. এটা শিশুৱে তাৰ পৰিচাৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-
(a) শিশুটো অসুস্থ হৈছে?
(b) কি কাৰণে অসুস্থ হৈছে?
উত্তৰঃ 
(a) শিশুটোৱে কৰা আচৰণ 
আৰু শিশুৰ শাৰিৰীক লক্ষণ চাই কব পৰা যাব যে শিশুটো অসুস্থ। যেনে- ভালদৰে খোৱা লোৱা নকৰা, গা গৰম হোৱা, বমি হোৱা, কান্দি থকা ইত্যাদি।

(b) শিশু এটাৰ অসুস্থতাৰ বিভিন্ন কাৰণ হব পাৰে। যেনে- জ্বৰ ,ডায়ৰিয়া, কাহ,পানীলগা ইত্যাদি।

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-
(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।
(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox)ত ভোগা ৰোগীৰ পৰিচায্যা কৰে।
(c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোন থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচাৰ্য কৰে।
উত্তৰঃ (c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোণ থকা অৱস্থাত মাজু আই আক্ৰান্ত ৰোগীক পৰিৰচৰ্য্যা কৰে।

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-
(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা। 
(b) যেতিয়া তুমি বাছ আৰু ৰেলৰে দুদিন একেৰাহে যাত্ৰা কৰা।
(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কিয়?
উত্তৰঃ যেতিয়া সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কাৰণ সৰু আই সংক্ৰামক ৰোগ আৰু ই বায়ুৰ যোগেদি সংক্ৰমিত হব পাৰে।

Additional Questions And Answers

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad