অধ্যায় - 6 / কলা (Tissue)
প্ৰশ্নাৱলীঃ (Page-69)
1. কলা কি?উত্তৰঃ একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ সমষ্টিক কলা বোলে। যেনেঃ সংযোজক কলা,পেশীকলা ইত্যাদি।
২. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?
উত্তৰঃ বহুকোষী জীৱৰ বিভিন্ন জৈৱিক কাৰ্যবোৰ বিভিন্ন ধৰনৰ কলাই সম্পন্ন কৰে। যেনে - মানৱ শৰীৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰন কাৰ্য সম্পাদন কৰে। স্নায়ু কোষে প্ৰেৰণা স্নায়ু বহন কৰে, ৰক্ত কলাই অক্সিজেন, আহাৰ আৰু বৰ্জিত পৰ্দাথ সৰবৰাহৰ কাম সম্পন্ন কৰে। উদ্ভিদৰ ক্ষেত্ৰত আহাৰ আৰু পানী পৰিবহন সংবহন কলাই সম্পন্ন কৰে।
প্ৰশ্নাৱলীঃ (Page-74)
1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ উদ্ভিদত পোৱা সৰল কলা সমূহক তিনি ভাগত ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ কলা হ’ল-
- পেৰেণকাইমা
- ক’লেণকাইমা।
- স্কেৰেণকাইমা।
প্ৰশ্নাৱলীঃ (Page-78)
1.প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?উত্তৰঃ প্ৰাণী দেহৰ চলনৰ লগত জড়িত থকা কলাসমূহ হ’ল-
- পেশীকলা।
- স্নায়ু কলা।
নিউৰনক স্নায়ুকোষ বুলি কোৱা হয়। স্নায়ুকোষ বা নিউৰন এটা 1 মিটাৰ পৰ্যন্ত দীঘল হয়। নিউৰনত প্ৰধানত দুটা গঠন পোৱা যায় -কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ ।
কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোষদেহৰ কোষপ্ৰৰসত উপঙি থাকে। কোষদেহৰ পৰা এডাল দীঘল নলীসদৃশ চাইট’প্লাজমৰ স্বায়ু প্ৰৱৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহৰ কোষৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত স্নায়ুপ্ৰৱৰ্ধ ওলায়। এইবোৰক ডেনড্ৰাইট বোলে।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল-
- হৃদপেশীৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হব পৰা ক্ষমতা আছে।
- ইয়াৰ তন্তবোৰ শাখাবিশিষ্ট।
- এইবোৰ পোশী চুঙাকৃতিৰ আৰু কোষকেন্দ্ৰ যুক্ত।
- আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা।
- কলাৰ ক্ষত অংশ মেৰামতি কৰা।
- ইহঁতে ছালক পেশীৰ সৈতে সংযুক্ত কৰে।
- এইবিধ কলা ছাল, উপস্থি, পেশী আৰু অস্থি মজাত পোৱা যায়।
অনশীলনী
1.কলাৰ সংজ্ঞা দিয়া।উত্তৰঃ জীৱৰ শৰীৰত একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ সমষ্টিক কলা বোলে। উদাহৰণস্বৰূপে -পেশী কলা, স্নায়ু কলা ইত্যাদি।
উত্তৰঃ জাইলেম কলা গঠন কৰা উপাদান সমূহ হল-
- ট্ৰেকাইড
- নলীকা
- জাইলেম পেৰেণকাইমা আৰু
- কাষ্ঠ তন্ত
TABLE
4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেইনকাইমা আৰু স্ক্লেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ
উত্তৰঃ
TABLE
5. প্ৰত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?
উত্তৰঃ প্ৰত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক হল-
উত্তৰঃ প্ৰত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক হল-
- প্ৰত্ৰৰন্ধ্ৰই উদ্ভিদৰ সালোক সংশ্লেষণৰ জৰিয়তে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময়ত সহায় কৰে।
- প্ৰত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে । ফলত উদ্ভিদৰ অভ্যন্তৰৰ পানী বাষ্প আকাৰে এৰি দিয়ে।
উত্তৰঃ প্ৰাণীদেহৰ চলন কাৰ্যৰ লগত জড়িত থকা কলা সমূহ হ’ল - i) পেশীকলা আৰু ii)স্নায়ু কলা ।
পেশীকলা : পেশী কলাসমূহ কিছুমান দীঘলীয়া কোষৰে গঠিত, এইবোৰ পেশী তন্ত্ৰ বুলি কোৱা হয়। পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই ক’লা- বোৰত বহুত সংকোচনশীল প্ৰ’টিন থাকে, যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয়।
স্নায়ু কলা : স্নায়ু কলা সমূহ সংবেদী অংশসমূহৰ পৰা স্নায়ু প্ৰেৰণা কঢ়িয়াই নি প্ৰাণীৰ পেশীসমূহ লৰ -চৰ কৰাবলৈ সহায় কৰে।
7. স্নায়ুকোষ (Neuron ) দেখাত কেনেকুৱা হয়?
উত্তৰঃ নিউৰনক স্নায়ুকোষ বুলি কোৱা হয়। স্নায়ুকোষ বা নিউৰন এটা 1 মিটাৰ পৰ্যন্ত দীঘল হয়। নিউৰনত প্ৰধানত: দুটা গঠন পোৱা যায় -কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধ ।
কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষদেহৰ পৰা এডাল দীঘল নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰৱৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহৰ কোষৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত স্নায়ুপ্ৰৱৰ্ধ ওলায়। এইবোৰক ডেনড্ৰাইট বোলে।
see page no 78 of text book
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল-
- হৃদপেশীৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হব পৰা ক্ষমতা আছে।
- ইয়াৰ তন্তবোৰ শাখাবিশিষ্ট।
- এইবোৰ পোশী চুঙাকৃতিৰ আৰু কোষকেন্দ্ৰ যুক্ত।
9. এৰিওলাৰ (Areolar) কলা কাৰ্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাৰ কাম হৈছে-
- আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা।
- কলাৰ ক্ষত অংশ মেৰামতি কৰা।
- ইহঁতে ছালক পেশীৰ সৈতে সংযুক্ত কৰে।
- এইবিধ কলা ছাল, উপস্থি, পেশী আৰু অস্থি মজাত পোৱা যায়।
উত্তৰঃ
উত্তৰঃ হৃদপেশীসমূহ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত। ই একপ্ৰকাৰৰ অনৈচ্ছিক পেশী কলা। হৃদপেশী সমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ফলত আমাৰ শৰীৰিত ৰক্ত সঞ্চালন হয়।
উত্তৰঃ
উত্তৰঃ see page no 78 of text book
14. তলত দিয়া কলাসমূহৰ নাম লিখা।
(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ সৰল ছটীয়া আচ্ছাদক কলা (Simple Squamous epithelium)
(b) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে?
উত্তৰঃ টেণ্ডন বা সংযোজক কলাই পেশী আৰু অস্থিক সংযোগ কৰে।
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?
উত্তৰঃ উদ্ভিদত ফ্ল’ৱেম কলাৰে খাদ্য পৰিবহন কৰে।
(d) আমাৰ দেহত চৰ্বী থকা সংযোজক কলাৰ বিধৰ নাম কি?
উত্তৰঃ আমাৰ দেহত চৰ্বী থকা সংযোজক কলাৰ বিধৰ নাম হৈছে মেদকলা।
(e) জুলীয়া আধাৰ দ্ৰব্যৰ থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰঃ জুলীয়া আধাৰ দ্ৰব্যৰ থকা সংযোজক কলাবিধৰ নাম তেজ।
(f) মস্তিষ্কত কি কলা থাকে?
উত্তৰঃ- মস্তিষ্কত স্নায়ুকলা থাকে।
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ বেৰখন সৰল ছটীয়া আচ্ছাদক কলাৰে গঠিত।
16. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ
উত্তৰঃ
ছাল- আচ্ছাদক কলা।
অস্থি- সংযোজক কলা।
বৃক্কৰ আৱৰণ- ঘনাকাৰ আচ্ছাদক কলা।
উত্তৰঃ সৰল ছটীয়া আচ্ছাদক কলা (Simple Squamous epithelium)
উত্তৰঃ টেণ্ডন বা সংযোজক কলাই পেশী আৰু অস্থিক সংযোগ কৰে।
উত্তৰঃ উদ্ভিদত ফ্ল’ৱেম কলাৰে খাদ্য পৰিবহন কৰে।
উত্তৰঃ আমাৰ দেহত চৰ্বী থকা সংযোজক কলাৰ বিধৰ নাম হৈছে মেদকলা।
উত্তৰঃ জুলীয়া আধাৰ দ্ৰব্যৰ থকা সংযোজক কলাবিধৰ নাম তেজ।
উত্তৰঃ- মস্তিষ্কত স্নায়ুকলা থাকে।
উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ বেৰখন সৰল ছটীয়া আচ্ছাদক কলাৰে গঠিত।
উত্তৰঃ
ছাল- আচ্ছাদক কলা।
অস্থি- সংযোজক কলা।
বৃক্কৰ আৱৰণ- ঘনাকাৰ আচ্ছাদক কলা।
17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা।
উত্তৰঃ


Nice
ReplyDelete🙏
Delete